October 9, 2026 11:09 AM | gst pm

printer

জি এছ টি পৰিষদে গ্ৰহণ কৰা নতুন সংস্কাৰমূলক পদক্ষেপসমূহক প্রধানমন্ত্রী আদৰণি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জি এছ টি পৰিষদে গ্ৰহণ কৰা নতুন সংস্কাৰমূলক পদক্ষেপসমূহক আদৰণি জনাইছে। এটা সামাজিক মাধ্যমৰ বাৰ্তাত প্রধানমন্ত্রীয়ে কয় যে, গ্ৰেপ্তাৰ সংক্ৰান্তীয় নিয়মাৱলী প্ৰত্যাহাৰ, অপৰাধমুক্তকৰণ আৰু সৰলীকৃত কাৰ্যপদ্ধতি সন্দৰ্ভত পৰিষদে আগবঢ়োৱা পৰামৰ্শসমূহে ইতিবাচক প্ৰভাৱ পেলাব।

শ্রীমোদীয়ে উল্লেখ কৰে যে ক্ষিপ্ৰ সিদ্ধান্ত গ্রহণ, প্রশাসনিক ব্যয় হ্রাস, স্বয়ংক্রিয় ধন ঘূৰাই দিয়াৰ ব্যৱস্থা আৰু বিশ্বস্ত প্রশাসন নিশ্চিত কৰাৰ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। জি এছ টি ব্যৱস্থাক অধিক দক্ষ, স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক কৰাৰ বাবে চৰকাৰে চলাই থকা নিৰন্তৰ প্ৰচেষ্টাৰ অংশস্বৰূপেই এই সংস্কাৰসমূহ সাধন কৰা বুলি তেওঁ প্রকাশ কৰে।