ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। দৰং জিলাত শতাধিক গাহৰিৰ দেহত এই সংক্ৰামক ৰোগৰ বীজানু ধৰা পৰাৰ বাবে পশু চিকিৎসা বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজি মঙলদৈৰ কবিকাৰা অঞ্চলৰ কেইবাখনো গাহৰি পামত পশু চিকিৎসা বিভাগে অভিযান চলাই এই ৰোগত আক্ৰান্ত কমেও ৬০ টা গাহৰি নিধন কৰে। ইয়াৰ পূৰ্বে জিলাখনৰ কমাৰপাৰাতো ১০৪ টা গাহৰি নিধন কৰা হৈছিল। নিধন কৰা গাহৰিসমূহ পুতি পেলোৱাৰ ব্যৱস্থা কৰা হয়। মঙলদৈ জিলা পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ অজয় বণিয়াই প্ৰকাশ কৰা মতে আজিও ৰোগৰ সংক্ৰমণৰ সন্দেহত একাংশ পামৰ গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। সংক্রমণ ধৰা পৰা কমাৰপাৰা আৰু কবিকাৰা অঞ্চলৰ এই ৰোগ সংক্ৰমণৰ মূল কেন্দ্ৰ বুলি চিহ্নিত কৰি ইয়াৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰিৰ সৰবৰাহ, ক্রয়-বিক্ৰী আদি নিষিদ্ধ কৰা হৈছে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত আফ্রিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ঘটিছে। হাজো আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ কেইবাখনো পামত গাহৰিৰ অস্বাভাৱিকভাৱে মৃত্যু হয়। পশুপালন বিভাগে মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। ইয়াৰ পাছতে ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰা হয়৷
Assamese | June 19, 2025 7:32 PM | African swine fever | Akashvani Guwahati | Akashvani News | Local news
ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ