ৰাজ্যিক মন্ত্রীসভাই ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয়, যে পূৰ্বে লোকনিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগকক পৃথক কৰি ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ কাম চোৱাচিতাৰ বাবে অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে।
জলজীৱন মিছনৰ আঁচনিসমূহৰ ৰূপায়ণৰ বাবে মন্ত্রীসভাই আজি বিটিচি, কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ সৈতে বুজাবুজিৰ চুক্তিৰ তিনিখন খচৰা প্ৰস্তুত কৰে। ৰাজ্যিক মন্ত্ৰীসভাই মধুপুৰ সত্ৰলৈ মাহিলী এক লাখ টকাকৈ প্ৰদান আৰু আছাম ৰেজিমেণ্টৰ আন্তঃগাঁথনিৰ বাবে ১০ কোটি টকা প্রদানত অনুমোদন জনায়। তদুপৰি মন্ত্ৰীসভাৰ বৈঠকত আজি পুৰণি বাহন ক্রয়-বিক্ৰয়ত অনুমোদন জনোৱা হয়। এই অনুসৰি ৩ বছৰ পুৰণি বাহনত গ্রীন চেজ দিব লাগিব। ইয়াৰ পৰিৱৰ্তে ইলেকট্রনিক আৰু চি এন জি বাহনত গ্রীন চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।