ৰাজ্যসভাৰ কাৰ্য্যক্ৰমণিকা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। উচ্চ সদনে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত সভাপতি জগদীপ ধনখড়ে আজি এই সম্পৰ্কে ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ২৬৪ সংখ্যক অধিৱেশনৰ সামৰণি পৰাৰ পাছত সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি তথা উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ৰাজ্যসভাৰ নেতা জে পি নাড্ডা, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ উপস্থিত থাকে।
Assamese | July 3, 2024 8:00 PM | Rajya Sabha Adjorned
ৰাজ্যসভাৰ কাৰ্য্যক্ৰমণিকা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত