নাগালেণ্ডৰ ছুম’কেডিমাৰ নাগা ইউনাইটেড ভিলেজত কালিৰেপৰা প্ৰথম উত্তৰ-পূৰ্বাঞ্চল শিক্ষা সন্মিলন অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ আয়োজিত এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে – ‘ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ ৰূপায়ণ : দৰ্শন, প্ৰত্যাহ্বান আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে সুযোগ’।
সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নীতি- নির্মাতা, শিক্ষাবিদ আৰু প্ৰশাসকসকলে অংশ লৈছে। সন্মিলনৰ উদ্বোধনী সত্ৰত কালি নাগালেণ্ডৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্রী টেমজেন ইন্না আলঙে কয়, যে কেৱল উচ্চ শিক্ষাৰ যোগ্যতাই এতিয়া কৰ্ম সংস্থাপনৰ নিশ্চয়তা প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চল খণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ শিক্ষাই যাতে ছাত্র-ছাত্রীসকলক প্ৰাসংগিক দক্ষতা তথা সমালোচনাত্মক চিন্তাধাৰাৰে উৎসাহিত কৰিব পাৰে, এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত অংশ লৈ অসমৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০-ৰ গুৰুত্বত আলোকপাত কৰে। এই নতুন শিক্ষানীতিত মাতৃভাষাৰ শিক্ষাত গুৰুত্ব আৰোপে শিকন পদ্ধতি শক্তিশালী কৰাৰ লগতে আমাৰ ভাষিক পৰিচয় সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি ডাঃ পেগুৱে উল্লেখ কৰে।