January 4, 2025 7:46 PM | Death Teachers Relief

printer

ৰাজ্যত মৃত্যু হোৱা ২৬ গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখকৈ এককালীন সাহায্য প্রদান

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি কাহিলীপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত মৃত্যু হোৱা ২৬ গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখকৈ এককালীন সাহায্য প্রদান কৰে। মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা আগবঢ়োৱা এই এককালীন অনুদানে পৰিয়ালসমূহক উপকৃত কৰিব বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে আশা প্রকাশ কৰে। একেটা অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয় শিক্ষা বিভাগৰ দ্বাৰা প্ৰণিত এখন পুস্তিকা উন্মোচন কৰে। অনুষ্ঠানত শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ড° ওমপ্রকাশ, এছ চি ই আৰ পিৰ সঞ্চালক ড° নিৰোদা দেৱীৰ লগতে আন বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।