অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয় তথা জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত ৰাজ্যত আজিৰেপৰা তিনিদিনীয়াকৈ প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে। জিলা আৰু ৰাজ্যিক পৰ্যায়ত আজিৰেপৰা ২৭ ছেপ্তেম্বৰলৈ এই সমাৰোহৰ আয়োজন কৰা হৈছে। ১ অক্টোবৰত আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসত এই বঁটা প্ৰদান কৰা হ’ব। সমাৰোহৰ অংশ হিচাপে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
Assamese | September 25, 2024 7:06 PM | Senior Citizen Summit
ৰাজ্যত আজিৰেপৰা তিনিদিনীয়াকৈ প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ