ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কয় যে বন্ধ হৈ থকা চেন বিল পাৰমানৱিক শক্তি খণ্ডৰ ৰেডিয়েচন কনটেইনমেণ্ট চেণ্টাৰত ৰাছিয়াৰ ড্ৰ’নে যথেষ্ট ক্ষতি সাধন কৰিছে। অৱশ্যে জেলেনস্কি আৰু ৰাষ্ট্ৰসংঘৰ পাৰমানৱিক শক্তি সংস্থাই এই ঘটনাৰ পাছত বিকিৰণৰ মাত্ৰাই স্বাভাৱিক বুলি নিশ্চিত কৰিছে। ইউক্রেইনত চলি থকা যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ আমেৰিকা, ইউক্রেইন আৰু ইউৰোপৰ বিষয়াসকল মিউনিখত উপস্থিত হোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে। ইপিনে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰ ভাই ইউক্রেইনে পশ্চিমীয়া দেশৰ পৰা অধিক অস্ত্ৰ শস্ত্ৰ আৰু আৰ্থিক সাহাৰ্য লাভ কৰিবলৈ ড্রোন আক্ৰমণৰ অজুহাত দেখুৱাইছে বুলি অভিযোগ কৰে ।
Assamese | February 15, 2025 6:34 PM | Ukraine President
ৰাছিয়া আক্ৰমণ সন্দৰ্ভত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ প্ৰকাশ