প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট ফাৰ লাক্সনৰ সৈতে ৰাইছিনা আলোচনা ২০২৫ উদ্বোধন কৰিব। ৰাইচিনা আলোচনাৰ দশম সংস্কৰণ কাইলৈৰ পৰা অহা ১৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব। এই আলোচনা হৈছে ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিক বিষয়সমূহৰ লগতে গোলকীয় সম্প্রদায়ে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনাৰ মঞ্চ প্ৰদানৰ ভাৰতৰ এখন অনন্য আগশাৰীৰ সন্মিলন। বিশ্বই সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ উপায়ৰ লগতে সমসাময়িক বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতাৰ অন্বেষণ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ৰাজনৈতিক, উদ্যোগিক, সংবাদ মাধ্যম তথা অসামৰিক সংস্থাসমূহৰ নেতাসকল আলোচনাত মিলিত হৈ আহিছে।
Assamese | March 16, 2025 2:11 PM | Raisina Dialogue 2025
ৰাইচিনা আলোচনাৰ দশম সংস্কৰণ সোমবাৰৰ পৰা ১৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব