৩ খন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

■ নিৰ্বাচন আয়োগে কালি ৰাজ্যসভাৰ ২৭ খন আসনৰ দ্বিবার্ষিক নিৰ্বাচন আৰু উপ-নির্বাচনৰ লগতে তিনিখন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে। ইয়াৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া কালিৰেপৰা আৰম্ভ হৈছে।
উল্লেখযোগ্য যে দেশৰ ১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবার্ষিক নির্বাচন অনুষ্ঠিত হ’ব। মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাত এখনকৈ আসনৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব। বিহাৰ আৰু কৰ্ণাটকৰ বিধান পৰিষদৰ বাবে ক্ৰমে ৯ খন আৰু ৭ খন আসনৰ বাবে দ্বিবার্ষিক নির্বাচন অনুষ্ঠিত হ’ব। একেদৰে বিহাৰৰ এখন বিধান পৰিষদৰ আসনৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব। নির্বাচন আয়োগৰ তথ্যত প্ৰকাশ পোৱা মতে দ্বিবার্ষিক আৰু উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচন বিষয়া আৰু সহকাৰী নিৰ্বাচন বিষয়া নিযুক্তি দিয়া হৈছে। অহা ৮ জুনৰ বিয়লি ৩ বজালৈকে প্রার্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব। ৯ জুনত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। মনোনয়ন পত্র প্ৰত্যাহাৰৰ শেষ দিন অহা ১১ জুন। ১৮ জুনৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটদান হ’ব আৰু সেইদিনাই বিয়লি ৫ বজাৰ পৰা ভোটগণনা কৰা হ’ব।