প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ বিৰামহীনভাৱে ৰাজহুৱা সেৱা সম্পূৰ্ণ কৰিছে। জাপান, নাইজেৰিয়া, ডমিনিকা আৰু বেলজিয়ামৰ নেতাসকলে এই মাইলৰ খুঁটি প্রাপ্ত কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে।
জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিয়ে ভাৰতৰ উন্নয়নত নেতৃত্ব আৰু অৱদানৰ প্ৰশংসা কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ই ভাৰতৰ স্থিতি শক্তিশালী কৰিছে।
বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বার্ট ডি ৱেভাৰে ২৫ বছৰীয়া নিৰৱছিন্ন নেতৃত্বৰ বাবে প্রধানমন্ত্রী মোদীক অভিনন্দন জনায় আৰু ভাৰত তথা বেলজিয়ামৰ মাজত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বাবে প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ শেহতীয়া ভাৰত ভ্ৰমণ ফলপ্ৰসূ বুলি কয়।
নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি ব’লা আহমেদ টিমুবুৱে ২৫ বছৰীয়া বিৰামহীন নেতৃত্বক যিকোনো গণতন্ত্ৰৰ বিৰল সাফল্য বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে প্রধানমন্ত্ৰীৰ প্ৰতি ভাৰতৰ জনসাধাৰণৰ স্থায়ী আস্থা প্রতিফলিত হৈছে। ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজভেল্ট স্কেৰিটেও প্রধানমন্ত্রী মোদীক অভিনন্দন জনোৱাৰ লগতে ডমিনিকাৰ সৈতে থকা বন্ধুত্বৰ বাবে তেওঁৰ প্ৰশংসা কৰে।
দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰাৰ লগতে প্রধানমন্ত্ৰী মোদীৰ সুস্বাস্থ্য, শক্তি আৰু ভাৰতৰ জনসাধাৰণৰ প্ৰতি তেওঁ কৰি যোৱা সেৱাৰ নিৰন্তৰ সফলতা কামনা কৰে।