প্রধানমন্ত্রী নৰেন্দ্র মোদী দুদিনীয়া ভ্রমণসূচীৰে ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব। ৰাজ্যখনত ঔদ্যোগিক আৰু বিনিয়োগ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভান্টেজ আছাম শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন প্রধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সংবাদ মাধ্যমৰ আগত এইবিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্রীগৰাকী অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’বহি। মুখ্যমন্ত্ৰীয়ে যোৱা দুদিনত নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি বিত্ত মন্ত্ৰী নির্মলা সীতারমণ, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেল, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰী আৰু ড’নাৰ মন্ত্ৰী জ্যোতিবাদিত্য সিন্ধিয়াকো সাক্ষাৎ কৰে। কালি ড° শৰ্মাই চত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাকো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সন্মিলনলৈ আমন্ত্ৰণ জনায়।
Assamese | February 5, 2025 8:13 PM | PM Assam Visit
২৪ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্ৰমণ