■ ৰাজ্য চৰকাৰে অহা ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটিৰ বাবে জিলাই জিলাই প্রস্তুতি চলি আছে। ঝুমুইৰ বিনন্দিনী শীৰ্ষক এই অনুষ্ঠানৰ বাবে তিনিচুকীয়া জিলাত ব্যাপক প্রস্তুতি চলি আছে। জিলাখনৰ ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া আৰু ডুমডুমাত ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণৰ আজি সামৰণি পৰিব। ডিগবৈ চহৰৰ জুবিলী খেলপথাৰত অনুষ্ঠিত আখৰাত সমষ্টিটোৰ অন্তৰ্গত ২০০ৰো অধিক শিল্পীয়ে অংশগ্রহণ কৰিছে।
Assamese | January 31, 2025 11:04 AM | Akashvani | Assam Govt | jhumur record assam cm | Local news
২৪ ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটিৰ বাবে ভিন্ন জিলাত প্রস্তুতি অব্যাহত