২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আজি প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হৈছে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত লোক কৃষ্টি সংস্কৃতিৰে ফুটবল বিশ্বকাপৰ ট্ৰফীক আদৰণি জনোৱা হয়। পুৱাৰ ভাগত বিমানবন্দৰৰ পৰা ট্ৰফী সৰুসজাই ষ্টেডিয়ামলৈ আৰু বিয়লিৰ ভাগত বর্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামলৈ নিয়া হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিশা ৮ বাজি ১০ মিনিটত এই ট্ৰফী মুকলি কৰাৰ কথা। এই কার্যসূচীত প্রাক্তন বিশ্বকাপ বিজয়ী তথা ফিফাৰ প্ৰতিনিধি গিলবার্টো আপাৰেচিড’ দা ছিল্ভা উপস্থিত থাকিব। বিশ্বকাপ ফুটবলৰ ট্ৰফীৰ আগমন উপলক্ষে এটি সংগীতানুষ্ঠানৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৰিতু ৰিবা, শংকুৰাজ, অনুভৱ জৈন, অনুষ্কা মাস্কিয়ে অংশগ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে ট্ৰফী চোৱাৰ বাবে বিনামূলীয়াকৈ ৮-১০ হাজাৰ অনুমতি পত্ৰৰ ব্যৱস্থা কৰিছে।
Assamese | January 13, 2026 8:26 PM | Akashvani | Akashvani Guwahati | fifa trophy
২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আজি প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হৈছে