January 13, 2026 8:26 PM
103
২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আজি প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হৈছে
২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আজি প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হৈছে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত লোক কৃষ্টি সংস্কৃতিৰে ফুটবল বিশ্বকাপৰ ট্ৰফীক আদৰণি জনোৱা হয়। পুৱাৰ ভাগত বিমানবন্দৰৰ পৰা ট্ৰফী সৰুসজাই ষ্টেডিয়ামলৈ আৰু বিয়লিৰ ভাগত বর্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামলৈ নিয়া হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিশা ৮ বাজি ১০ মিনিটত এই ট্ৰফী মুকলি কৰাৰ কথা। এই কার্যসূচীত প্রাক্তন বিশ্বকাপ বিজয়ী তথা ফিফাৰ প্ৰতিনিধি গিলবার্টো আপাৰেচিড' দা ছিল্ভা উপস্থিত থাকিব। বিশ্বকাপ...