ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত আজি ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ প্রদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রখ্যাত অভিনেতা, পৰিচালক তথা প্রযোজক মোহন লালক চলচ্চিত্র জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয়। হিন্দী চলচ্চিত্র টুৱেল্ভথ ফে’ললৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হয়। শ্রেষ্ঠ হিন্দী চলচ্চিত্ৰ বঁটা কঁঠাললৈ আগবঢ়োৱা হয়। জৱান ছবিত কৰা অভিনয়ৰ বাবে শ্বাহৰুখ খানক আৰু টুৱেল্ভথ ফে’লত কৰা অভিনয়ৰ বাবে বিক্রান্ত মেচিক যুটীয়াভাৱে শ্রেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হয়। মিছেছ চেট্টাৰ্জী বনাম নৰৱে শীৰ্ষক ছবিৰ বাবে ৰাণী মুখার্জীক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। শিল্পা ৰাও আৰু পি ভি এন এছ ৰোহিতক সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক-গায়িকাৰ বঁটা প্ৰদান কৰা হয়। আনহাতে, বিশিষ্ট চলচ্চিত্র সমালোচক তথা পৰিচালক উৎপল দত্তই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা গ্ৰহণ কৰে। বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত আলোকপাত কৰাৰ লগতে চৰকাৰে চলচ্চিত্ৰ ক্ষেত্ৰখনৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে।
Assamese | September 23, 2025 7:41 PM | national film award
২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ প্রদান