আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা ১ জুলাইত ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰ কেইখন ১ জুলাইৰ পুৱা চাৰে ৯ বজাত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ’ব।
প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইদিনা দিনৰ ১০ বজাত গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। সেইদিনাই সন্ধিয়া ৬.৩০ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ওপজা দিনৰ সুবাস শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিবিধ ভাৰতীযোগে অসমীয়া ভাষাৰ অনুষ্ঠানৰ পুনৰপ্ৰচাৰো অহা ১ জুলাইৰ পৰা আৰম্ভ কৰিব। আমাৰ কেইবাখনো বাতৰি বুলেটিন অহা ১ জুলাইৰ পৰা কেৱল মহাবাহু শাখাতহে প্ৰচাৰিত হ’ব।
Assamese | June 23, 2025 7:47 PM | AIR GUWAHATI | Akashvani Guwahati | Akashvani News
১ জুলাইত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস