● নুমলীগড় শোধনাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়’ ইথানল প্রকল্প মুকলি কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই সবিশেষ বুজ লয়। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত টু জি ইথানল প্রকল্প মুকলি কৰিব। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই আজি অস্থায়ী হেলিপেড আৰু ইথানল প্ৰকল্পটো পৰিদৰ্শন কৰাৰ লগতে এখন পর্যালোচনা সভাত অংশ লয়। সভাত জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী মহা পৰিদৰ্শন ড° ভি শিৱপ্ৰসাদ গাঞ্জালা, আৰক্ষী অধীক্ষক ৰাজেন সিং, শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকনকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
Assamese | September 8, 2025 7:20 PM | Akashvani News | narendra modi | PMO Modi
১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত প্রধানমন্ত্ৰী মোদীয়ে টু জি ইথানল প্রকল্প মুকলি কৰিব