নগাঁও পৌৰসভাৰ ৮ নম্বৰ ৱার্ডে স্বচ্ছ বায়ু সর্বেক্ষণৰ তৃতীয় শিতানত ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিছে। বন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি এই কথা প্রকাশ কৰি কয় যে এই সন্মানে গাঁওখনৰ লগতে ৰাজ্যবাসীলৈও গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে পৰিবেশ প্রদূষণমুক্ত কৰি ৰখাৰ লগতে সেউজ আৱৰণ অটুট ৰখাৰ প্ৰচেষ্টা হিচাপে চৰকাৰে স্বচ্ছ বায়ু সর্বেক্ষণ প্রতিযোগিতাৰ আয়োজন কৰি আহিছে। শ্রীবৰুৱাই কয় যে এনে ধৰণৰ সাফল্যৰ জৰিয়তে সামূহিক অংশগ্রহণে পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত পেলোৱা প্রভাব প্রতিফলিত হয়।
Assamese | September 7, 2026 7:40 PM | Clean Air Reserve
স্বচ্ছ বায়ু সর্বেক্ষণৰ তৃতীয় শিতানত নগাঁও পৌৰসভাৰ ৮ নম্বৰ ৱার্ডৰ ৰাষ্ট্রীয় স্বীকৃতি লাভ