সোৱণশিৰি নদীত জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা প্রশাসনে সতর্কতা জাৰি কৰিছে সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন-জন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে এই সতর্কতা জাৰি কৰিছে। লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে।
Assamese | July 13, 2026 6:09 PM | Akashvani | Akashvani Guwahati | Akashvani News | subansiri river
সোৱণশিৰি নদীত জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা প্রশাসনৰ সতর্কতা