September 8, 2026 8:04 PM | Snake Treatment

printer

সর্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ প্রশংসনীয় সফলতা

সর্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত চৰাইদেউ জিলা স্বাস্থ্য বিভাগে প্রশংসনীয় সফলতা লাভ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ আগষ্টলৈকে জিলাখনত সর্প দংশনৰ বলি হৈ চিকিৎসাধীন হোৱা ২৪৪ গৰাকী লোকে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিছে। ২০২৫-২৬ বিত্তীয় বর্ষত জিলাখনৰ চৰকাৰী চিকিৎসালয়সমূহত সর্প দংশনৰ বাবে মুঠ ৫০৯ গৰাকী লোক ভর্তি হৈছিল বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। সর্প দংশনৰ ঘটনা ঘটিলে বিলম্ব নকৰাকৈ লগে লগে চৰকাৰী চিকিৎসালয়লৈ আহিবলৈ জনসাধাৰণক জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে।