সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্রাথমিক বিদ্যালয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গোৱালপাৰা চহৰত নটসূৰ্য্য ফণী শৰ্মা ভৱনত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা বাচনি কৰা ২৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয়।
ইপিনে শিক্ষক দিৱসৰ দিনটোতে আজি সদৌ অসম অপ্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাই কেইবা দফীয়া দাবীৰে লতাশিল খেলপথাৰত অৱস্থান ধৰ্মঘট কৰে। শিক্ষকসকলে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী ভৱনত আয়োজিত কাৰ্যসূচীত জিলাখনৰ ২৫ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।
Assamese | September 5, 2025 6:30 PM | Akashvani | Akashvani Guwahati | Teacher's Day
সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন