September 4, 2026 6:21 PM
20
ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক কাইলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ’ব
ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক কাইলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। ইপিনে, জিলা পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ১৭ গৰাকী শিক্ষকলৈ কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। জিলা পৰ্যায়ৰ বাচনি সমিতিৰ পৰামৰ্শ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অনুমোদন অনুসৰি আজি বঁটা লাভ কৰা শিক্ষকসকলৰ নাম ঘোষণা কৰা হয়। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ ১১ বজাৰ পৰা হ'বলগীয়া...