যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, সমগ্ৰ বিশ্বৰ মুঠ ডিজিটেল লেনদেনৰ ৪৬ শতাংশ ভাৰতত সম্পন্ন হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছিক্স-জি আলোচনাচক্ৰৰ উদ্বোধনী বৈঠকত ভাষণ দি শ্রী সিন্দিয়াই এই কথা প্ৰকাশ কৰে। দেশত ডিজিটেল লেনদেনৰ তথ্যৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিগৰাকী নাগৰিকৰ বাবে চাইবাৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে। একে সময়তে তেওঁ ছিক্স-জি প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ নেতৃত্ব বহন কৰিব পাৰিব বুলিও আস্থা ব্যক্ত কৰে। তেওঁ কয় যে, ডিজিটেল ভাৰতবৰ্ষ চবকা সাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াসৰ মৌলিক ভেটিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
Assamese | October 16, 2024 6:15 PM | Jyotiraditya Sindhiya
সমগ্ৰ বিশ্বৰ মুঠ ডিজিটেল লেনদেনৰ ৪৬ শতাংশ ভাৰতত সম্পন্ন হয়ঃ জ্যোতিৰাদিত্য সিন্ধিয়া