December 14, 2025 11:05 AM

views 66

ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অভিহিত কৰিছে

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি অভিহিত কৰিছে। তেওঁ কয়, যে ডাকোৱালসকলে কেৱল চিঠিয়েই কঢ়িয়াই নানে, বেংক, বীমা আৰু চৰকাৰী সেৱাও ভাৰতৰ প্ৰতিঘৰ মানুহলৈ কঢ়িয়াই আনে। গ্ৰাম্য ভাৰতক সংযোজিত কৰাৰ ক্ষেত্ৰত আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বিষয়েও শ্রীসিন্ধিয়াই আলোকপাত কৰে। কোহলাপুৰত কালি অনুষ্ঠিত গ্রামীণ ডাক সেৱক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীসিন্ধিয়াই ডাকোৱালকলক লৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে, কালিৰ এই সন্মিল...

September 1, 2025 3:08 PM

views 68

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ- IMC25 এপ্লিকেচন মুকলি কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

■ কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ- IMC25 এপ্লিকেচন মুকলি কৰে। কৃত্রিম বুদ্ধিমত্তা আধাৰিত ব্যৱস্থা আৰু উন্নত নেটৱৰ্কিঙৰ লগতে বিভিন্ন সা-সুবিধা থকা এই এপ্লিকেচনে প্রদর্শনীখনত দৰ্শকক বিশেষ সুবিধা প্ৰদান কৰিব। উল্লেখযোগ্য যে ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ নৱম সংস্কৰণ অহা ৮ৰ পৰা ১১ অক্টোবৰলৈ নতুন দিল্লীত য়শোভূমি কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ'ব। এইবাৰৰ এই প্ৰদৰ্শনীৰ বিষয় হ'ল ৰূপান্তৰৰ বাবে উদ্ভাৱন।

July 23, 2025 12:30 PM

views 63

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছেঃ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছে। উত্তৰ পূৱৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডক শক্তিশালী কৰাৰ বাবে আয়োজন কৰা উচ্চ পৰ্যায়ৰ টাস্ক ফ'ৰ্চৰ বৈঠকত ভার্চুৱেলি অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি এইদৰে কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰিৱেশ আৰু সৱলীকৰণৰ বাবে ফেশ্বন দৃষ্টিভংগীক প্রতিফলিত কৰি শ্ৰী সিন্ধিয়াই কয়, যে পৰিৱেশৰ সৈতে ভাৰসাম্যতা, শিল্পকৰ্মৰ বিশেষজ্ঞতা আৰু ব্যতিক্ৰমী কাৰুকাৰ্যৰ উত্ত...

October 16, 2024 6:15 PM

views 70

সমগ্ৰ বিশ্বৰ মুঠ ডিজিটেল লেনদেনৰ ৪৬ শতাংশ ভাৰতত সম্পন্ন হয়ঃ জ্যোতিৰাদিত্য সিন্ধিয়া

যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, সমগ্ৰ বিশ্বৰ মুঠ ডিজিটেল লেনদেনৰ ৪৬ শতাংশ ভাৰতত সম্পন্ন হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছিক্স-জি আলোচনাচক্ৰৰ উদ্বোধনী বৈঠকত ভাষণ দি শ্রী সিন্দিয়াই এই কথা প্ৰকাশ কৰে। দেশত ডিজিটেল লেনদেনৰ তথ্যৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিগৰাকী নাগৰিকৰ বাবে চাইবাৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে। একে সময়তে তেওঁ ছিক্স-জি প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ নেতৃত্ব বহন কৰিব পাৰিব বুলিও আস্থা ব্যক...

September 1, 2024 8:19 PM

views 75

ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ সপ্তম প্রতিষ্ঠা দিৱস পালন

ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ আজি সপ্তম প্রতিষ্ঠা দিৱস উপলক্ষে যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই সৰল আৰু সুলভ সেৱাৰ জৰিয়তে বিত্তিয় অন্তৰ্ভুক্তিৰ লক্ষ্যত উপনীত হোৱাত বেংকটোৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে । সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপ মুকলি কৰাৰে পৰা ৯ কোটি ৮৮ লাখ ভাৰতীয়ই বেংক একাউণ্ট মুকলি কৰিছে। বিভিন্ন আঁচনিৰ ৪৫ হাজাৰ কোটি টাকৰ বিত্তিয় লাভ হিতাধিকাৰীসকললৈ আগবঢ়োৱা হৈছে বুলিও তেওঁ সদৰী কৰে। তেওঁ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰ...

July 13, 2024 12:39 PM

views 59

উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছেঃ সিন্ধিয়া

■ উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্রমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই আজি গুৱাহাটীৰ নেডফি হাউচ পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতে উদ্যোগীকৰণ আৰু ষ্টার্টআপক অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব। উল্লেখযোগ্য যে, কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত...