কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি অভিহিত কৰিছে। তেওঁ কয়, যে ডাকোৱালসকলে কেৱল চিঠিয়েই কঢ়িয়াই নানে, বেংক, বীমা আৰু চৰকাৰী সেৱাও ভাৰতৰ প্ৰতিঘৰ মানুহলৈ কঢ়িয়াই আনে। গ্ৰাম্য ভাৰতক সংযোজিত কৰাৰ ক্ষেত্ৰত আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বিষয়েও শ্রীসিন্ধিয়াই আলোকপাত কৰে। কোহলাপুৰত কালি অনুষ্ঠিত গ্রামীণ ডাক সেৱক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীসিন্ধিয়াই ডাকোৱালকলক লৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে, কালিৰ এই সন্মিলনত গোৱাৰ পৰা পুনেলৈ সামৰি প্ৰায় ছহেজাৰ গ্ৰামীণ ডাক সেৱক উপস্থিত আছিল।
ভাৰতীয় ডাক সেৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে প্রায় ৬ লাখ ৫০ হাজাৰ গাঁৱত ১ লাখ ৬৫ হাজাৰতকৈও অধিক ডাক কাৰ্যালয় আছে। উদ্ভাৱণ, বাস্তৱতা আৰু শক্তিশালী মূল্যবোধ সম্পন্ন দৃষ্টিভংগীৰে এই ডাক কাৰ্যালয়সমূহ আধুনিকীকৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো শ্ৰীসিন্ধিয়াই গুৰুত্ব আৰোপ কৰে। এই সন্মিলনত উৎকৃষ্ঠ সেৱা আগবঢ়োৱাৰ বাবে মহাৰাষ্ট্ৰৰ ১০ গৰাকী ডাক সেৱকক বিশেষ সম্বৰ্ধনা জনোৱা হয়।
Assamese | December 14, 2025 11:05 AM | Indian postal service | Jyotiraditya Sindhiya
ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অভিহিত কৰিছে