কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ দৰে এইবাৰো সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে যোৰহাট জিলাত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত ১৬ আগষ্টৰ পৰা ডিজিটেল শস্য জৰীপ, খাৰিফ-২০২৫ আৰম্ভ হৈছে। ইয়াৰ অধীনত আজি উত্তৰ-পশ্চিম যোৰহাটত জৰীপ চলোৱা হয়।
ডিজিটেল শস্য জৰীপ খাৰিফ-২০২৫ৰ জৰিয়তে কৃষকসকলৰ সামগ্রিক কল্যাণৰ উদ্দেশ্যে প্ৰযুক্তি ব্যৱস্থাৰ জৰিয়তে কৰা কৃষিজাত শস্যৰ তথ্য সংগ্ৰহৰ দিহা কৰা হৈছে। শস্য উৎপাদনৰ সঠিক তথ্যৰ পূৰ্বানুমান আৰু উন্নত পৰিকল্পনা, সংগৃহীত তথ্যৰ ভিত্তিত কৃষি নীতি প্ৰস্তুত কৰা জলসিঞ্চন আৰু শস্য উৎপাদন সম্পৰ্কীয় বিভিন্ন সিদ্ধান্ত গ্ৰহণত এই জৰীপ ব্যৱস্থাই সহায় কৰিব।
Assamese | August 21, 2025 7:47 PM | Akashvani Guwahati | Akashvani News | India Govt.
সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ