শ্ৰীৰাম মন্দিৰত অনুদান আৰু প্ৰসাদৰ অপপ্ৰয়োগ সন্দৰ্ভত ৰুজু হোৱা এজাহাৰ আৰু ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত ব্যৱস্থাৰ নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব দাখিল

 

অযোধ্যাৰ শ্ৰীৰাম জনমভূমি মন্দিৰত অনুদান আৰু প্ৰসাদৰ ক্ষেত্ৰত হোৱা অপপ্ৰয়োগ সন্দৰ্ভত ৰুজু হোৱা এজাহাৰ আৰু ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত ব্যৱস্থাৰ নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব দাখিল কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তক উদ্দেশ্যি অধিবক্তা অনুপ প্রকাশ অৱস্তিয়ে এই প্রতিনিধিত্ব দাখিল কৰে। ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চি বি আইৰ দৰে অগ্ৰণী সংস্থাৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ নিৰ্দেশ দিবলৈ আদালতত আহ্বান জনায়।

শ্ৰীৰাম জনমভূমি মন্দিৰকলৈ শেহতীয়াভাৱে উদ্ভৱ হোৱা ধনৰ অনিয়ম, অপব্যৱহাৰ বা হৰলুকি হোৱাৰ বাতৰিয়ে দেশ-বিদেশৰ ভক্তসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে আৰু এই বিষয়টো লাখ লাখ ভক্তৰ আস্থা আৰু বিশ্বাসৰ সৈতে জড়িত বুলি প্রতিনিধিত্বত উল্লেখ কৰা হৈছে।

এই ঘটনাৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে বিশেষ তদন্তকাৰী দল গঠন কৰি দিছে। কিন্তু বিভিন্ন পক্ষই এই সন্দৰ্ভত প্রশ্ন উত্থাপন কৰিছে। প্ৰতিনিধিত্বই দাবী উত্থাপন কৰিছে যে, এই ক্ষেত্ৰত এছ আই টি নিজেই পর্যাপ্ত নহয়।

সাংবিধানিক আদালতৰ তত্বাৱধানত ইয়াৰ তদন্ত নহ’লে ভক্তিপ্ৰাণ ৰাইজৰ এটা বৃহৎ অংশৰ তদন্তৰ স্বাধীনতাকলৈ সন্দেহৰ অৱকাশ থাকিব। সেয়েহে ন্যায়িক হস্তক্ষেপ বিচাৰি প্রতিনিধিত্বই উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত চিবিআইৰ তদন্তৰ নিৰ্দেশ দিবলৈ আহ্বান জনায়।

ইয়াৰ লগতে দান কৰা ধন সংৰক্ষণ আৰু সুৰক্ষাৰ ব্যৱস্থা বিশেষকৈ মন্দিৰ কৰ্তৃপক্ষই লাভ কৰা ধন, অনুদান, সংগ্ৰহ আদিৰ হিচাপনিকাচ, তত্বাৱধান, পৰিচালনা আৰু বিতৰণৰ সৈতে জড়িত সকলো দিশ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।