শ্রীভূমি জিলাত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। সোমবাৰে শ্রীভূমি চহৰত দিনৰ ১০ বজাত ত্ৰিৰংগ পতাকা সমদল উলিওৱা হ’ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ’বলগীয়া এই সমদল আবর্তভবন হৈ জিলা গ্রন্থাগাৰ ভৱনত সামৰণি পৰিব।
ইপিনে, অসম ৰাজ্যিক গ্রামীন জীবিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্রস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা ১৪ আগষ্ট পর্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ ৩৫টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে।
৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ জিলাখনৰ চৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ তিনিটা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগ আল্পনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।
১২ আগষ্টৰ বিয়লি চাইকেল সমদল, ১৩ আগষ্টত বন্দে মাতম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু ১৪ আগষ্টত বিভাজন আৰু বিভিষীকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে মাইগভ পার্টেলত অনলাইন কুইজ প্রতিযোগিতাও অনুষ্ঠিত হৈছে।