নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশনত অধ্যক্ষতা কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীশ্বাহে কয় যে উত্তৰ-পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্রতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ ড’নাৰ মন্ত্রী জ্যোতিবাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। আজিৰ বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দর্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়।
অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু নীতি নির্মাতাসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্রতিশ্রুতিবদ্ধতাৰ কথা দোহাৰে বুলি উত্তৰ-পূব পৰিষদে সামাজিক মাধ্যমত প্রকাশ কৰিছে।