মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্রস্ত ৭৫ হাজাৰ পৰিয়ালৰ বাবে অন্তৰ্ৱৰ্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰে ৷ অহা ১০ আগষ্টৰ পৰা এই পৰিয়ালসমূহক ১০ হাজাৰ টকাকৈ দ্বিতীয়টো কিস্তিৰ ধন প্ৰদান কৰা হ’ব। ৰাজ্য চৰকাৰে অহা ৯ আগষ্টৰ পৰা বানত ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব।
জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আর্থিক সাহায্য মুকলি কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে ভয়াৱহ বান পৰিস্থিতিত দুর্গতসকলক সহায়-সহযোগিতা আগবঢ়োৱাসকলক ধন্যবাদ জনায়। তেওঁ লগতে বানত প্ৰাণ হেৰুওৱা মৃতকৰ পৰিয়াললৈ অতিৰিক্ত পাঁচ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথাও উল্লেখ কৰে।