August 3, 2026 7:29 PM
7
শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৭৫ হাজাৰ পৰিয়ালক অন্তৰ্ৱৰ্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্রস্ত ৭৫ হাজাৰ পৰিয়ালৰ বাবে অন্তৰ্ৱৰ্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰে ৷ অহা ১০ আগষ্টৰ পৰা এই পৰিয়ালসমূহক ১০ হাজাৰ টকাকৈ দ্বিতীয়টো কিস্তিৰ ধন প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে অহা ৯ আগষ্টৰ পৰা বানত ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আর্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ভয়াৱহ বান পৰিস্থিতিত দুর্গতসকলক সহায়-সহ...