August 3, 2026 7:29 PM

views 9

শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৭৫ হাজাৰ পৰিয়ালক অন্তৰ্ৱৰ্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্রস্ত ৭৫ হাজাৰ পৰিয়ালৰ বাবে অন্তৰ্ৱৰ্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰে ৷ অহা ১০ আগষ্টৰ পৰা এই পৰিয়ালসমূহক ১০ হাজাৰ টকাকৈ দ্বিতীয়টো কিস্তিৰ ধন প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে অহা ৯ আগষ্টৰ পৰা বানত ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব।  জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আর্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ভয়াৱহ বান পৰিস্থিতিত দুর্গতসকলক সহায়-সহ...

July 22, 2026 7:46 PM

views 14

শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰি, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে।  তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্রস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চ...

October 8, 2025 11:35 AM

views 54

২০২৪ বৰ্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বৰ উচ্চস্তৰীয় সমিতিয়ে ২০২৪ বৰ্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি কৰি দিছে। অসমৰ উপৰি গুজৰাটলৈও প্ৰায় ৪০০ কোটি টকা মোকলাই দিয়া হৈছে। সমিতিখনে হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ এন ডি আৰ এফৰ সম্প্ৰসাৰণ আৰু অগ্নিনির্বাপন সেৱাৰ আধুনিকীকৰণৰ বাবে ৯০৩ কোটি ৬৭ লাখ টকাৰ আৱণ্টন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ ...