কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বৰ উচ্চস্তৰীয় সমিতিয়ে ২০২৪ বৰ্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি কৰি দিছে। অসমৰ উপৰি গুজৰাটলৈও প্ৰায় ৪০০ কোটি টকা মোকলাই দিয়া হৈছে। সমিতিখনে হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ এন ডি আৰ এফৰ সম্প্ৰসাৰণ আৰু অগ্নিনির্বাপন সেৱাৰ আধুনিকীকৰণৰ বাবে ৯০৩ কোটি ৬৭ লাখ টকাৰ আৱণ্টন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে দুৰ্যোগ প্ৰতিৰোধৰ বাবে শক্তিশালী আন্তঃগাঁথনি সৃষ্টি কৰি আছে আৰু দুৰ্যোগৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলো ৰাজ্যকে সহযোগিতা আগবঢ়াইছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিত ২০২২ চনৰ ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে উচ্চ পৰ্যায়ৰ সমিতিখনে অসমক এহেজাৰ ২৭০ কোটি টকাৰ সাহায্য পুঁজি প্ৰদান কৰিছিল।
Assamese | October 8, 2025 11:35 AM | cm flood assam
২০২৪ বৰ্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি