মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰি, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে।

তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্রস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। চৰাইদেউ জিলাত বৰ্তমানলৈকে ৮ টা সাহায্য শিবিৰ আৰু ৭১ টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণক সহায় আগবঢ়োৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

ড০ শৰ্মাই শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি ফুকন নগৰত স্থাপন কৰা আশ্ৰয় শিবিৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰো বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মন্ত্ৰী, বিধায়ক, তথা জিলা প্ৰশাসনে সহযোগিতাৰে কাম কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
তেওঁ লগতে কয়, যে বানত নিহত আৰু সন্ধানহীন লোকৰ সঠিক পৰিসংখ্যা এতিয়াই প্ৰকাশ কৰাতো সম্ভৱ নহয়। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই বিষয়ে সঠিকভাৱে জানিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।