August 3, 2026 7:29 PM

views 11

শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৭৫ হাজাৰ পৰিয়ালক অন্তৰ্ৱৰ্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্রস্ত ৭৫ হাজাৰ পৰিয়ালৰ বাবে অন্তৰ্ৱৰ্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰে ৷ অহা ১০ আগষ্টৰ পৰা এই পৰিয়ালসমূহক ১০ হাজাৰ টকাকৈ দ্বিতীয়টো কিস্তিৰ ধন প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে অহা ৯ আগষ্টৰ পৰা বানত ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব।  জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আর্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ভয়াৱহ বান পৰিস্থিতিত দুর্গতসকলক সহায়-সহ...

August 3, 2026 7:25 PM

views 3

প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত বান প্ৰভাৱিত ৪খন জিলাৰ হিতাধিকাৰীৰ বাবে ৰাজ্যিক ৰাজ সাহায্য মুকলি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত বান প্ৰভাৱিত চাৰিখন জিলাৰ ৯ হাজাৰ ২৮৯ গৰাকী হিতাধিকাৰীৰ বাবে ৰাজ্যিক ৰাজ সাহায্য মুকলি কৰে।  শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণক এবছৰৰ বাবে মাটিৰ খাজনা ৰেহাই দিয়া হ'ব বুলিও প্ৰকাশ কৰে। বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ লোকসকলে গৃহ নিৰ্মাণৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ নিয়ম অনুসৰি ১ লাখ ২০ হাজাৰ টকাকৈ লাভ কৰিব।