মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত বান প্ৰভাৱিত চাৰিখন জিলাৰ ৯ হাজাৰ ২৮৯ গৰাকী হিতাধিকাৰীৰ বাবে ৰাজ্যিক ৰাজ সাহায্য মুকলি কৰে।
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণক এবছৰৰ বাবে মাটিৰ খাজনা ৰেহাই দিয়া হ’ব বুলিও প্ৰকাশ কৰে। বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ লোকসকলে গৃহ নিৰ্মাণৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ নিয়ম অনুসৰি ১ লাখ ২০ হাজাৰ টকাকৈ লাভ কৰিব।