শিৱসাগৰত অহা ১৮ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ পঞ্চম সংখ্যক সদৌ অসম আন্তঃজিলা পাঞ্জা প্রতিযোগিতা অনুষ্ঠিত হ’ব। শিৱসাগৰত আজি অনুষ্ঠিত এখন সংবাদমেলত উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ কয়, যে শিৱসাগৰ জিলা পাঞ্জা সন্থাৰ উদ্যোগত আৰু সদৌ অসম পাঞ্জা ক্রীড়া সন্থাৰ সহযোগত হ’বলগীয়া এই প্রতিযোগিতাত প্ৰায় ৩০০ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিব। পুৰুষ আৰু মহিলা উভয় শাখাত হ’বলগীয়া এই প্ৰতিযোগিতাখনত ৫৫টা বিভিন্ন ওজন শাখাৰ খেল থাকিব।
Assamese | March 2, 2025 9:30 PM | panja at Sibsagar district
শিৱসাগৰত ১৮ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ পঞ্চম সংখ্যক সদৌ অসম আন্তঃজিলা পাঞ্জা প্রতিযোগিতা