তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শিশুসকলক পৰীক্ষাৰ হেঁচা নল’বলৈ আৰু জীৱনক লৈ উৎসাহী হ’বলৈ আহ্বান জনাইছে। নতুন দিল্লী নগৰ পালিকা পৰিষদে আয়োজন কৰা EXAM WARRIORS আর্ট উৎসৱত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে আহ্বান জনায়। শ্ৰী বৈষ্ণৱে কয়, যে অভিনেতা আৰু খেলুৱৈ সকলে কামৰ প্ৰতি থকা নিষ্ঠা আৰু উৎসাহৰ বাবে ভাল প্রদর্শন আগবঢ়াবলৈ সমর্থ হয়। বিভিন্ন বিদ্যালয়ত প্ৰায় ৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই উৎসৱত ভাগ লয় ।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ভিডিঅ’ বার্তা যোগে কয়, যে শিশুসকলৰ মাজত সাধাৰণতে পৰীক্ষাৰ পৰা নহয় বৰং প্রত্যাশা আৰু আকাংক্ষাৰ পৰাহে মানসিক চাপৰ সৃষ্টি হয়। তেওঁ শিক্ষার্থীসকলক আগুৱাই যোৱাৰ অপাৰ সম্ভাৱনা আৰু সুযোগ আছে বুলিও কয়। সাংসদ বাঙ্গুৰি স্বৰাজ, নতুন দিল্লী পৌৰ নিগম পালিকাৰ অধ্যক্ষ কেশৱ চন্দ্ৰা আৰু উপাধ্যক্ষ কুলজিৎ সিং অনুষ্ঠানত উপস্থিত থাকে।
Assamese | January 4, 2025 6:51 PM | Ashwini Baishnav
শিশুসকলক পৰীক্ষাৰ হেঁচা নল’বলৈ, জীৱনক লৈ উৎসাহী হ’বলৈ আহ্বান কেন্দ্ৰীয়ট মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ