অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক উন্নয়নৰ পুঁজিৰ অধীনত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। ধেমাজি লক্ষীপথাৰ, বিষ্ণুপুৰ, হাতীগড়কে ধৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্রায় ৬ কোটি টকা ব্যয় সাপেক্ষে মুঠ ১৩ টা নতুন পথ নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডাঃ পেগুৱে নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ দ্বাৰা অনুমোদিত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পথৰ পৰা ফৰেষ্টগেট বাগিচা সংযোগী পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰাম্য আন্তঃগাথনি উন্নয়নক অগ্ৰাধিকাৰ দি নিৰ্মাণ কৰিবলৈ লোৱা এই পথসমূহে যাতায়াত সুগম কৰি শিক্ষাৰ্থী, খেলুৱৈ তথা জনসাধাৰণক উপকৃত কৰিব বুলি ডাঃ পেগুৱে মন্তব্য কৰে।
Assamese | January 4, 2026 9:08 PM | Dr Ranoj Pegu Foundation stone of various road at Dhemaji
শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিত কেইবাটাও পথৰ আধাৰশিলা স্থাপন