ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত ২৭ খন ৰাজ্য, সাতটা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ছটা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ ৪৮ গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ ২১ গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ ১৭ গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ব শাসিত মর্যাদা লাভ কৰা মহাবিদ্যালয়, সহযোগী এন চি চি বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত শ্রেষ্ঠ আদর্শ শিক্ষকসকলক সম্বর্ধনা জনোৱা হয়।
Assamese | September 5, 2026 6:28 PM | Teacher day
শিক্ষক দিৱস উপলক্ষে মুঠ ৪৮ গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান