কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুত কৰাৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীযোশীয়ে কয় যে ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত এই নতুন নীতিয়ে ভূতাপীয় শক্তি উপযুক্তভাৱে ব্যৱহাৰ তথা সুচল কৰা আৰু উদ্যোগৰ বাবে উপযোগী কৰি গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। নতুন দিল্লীত আজি ভূতাপীয় শক্তিৰ সম্ভাৱনা সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকত তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক এই নির্দেশ দিয়ে।
Assamese | September 5, 2025 9:07 PM | Akashvani | Akashvani News | Prahlad Joshi
শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুতৰ বাবে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ