শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ’ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিচত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ’ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। আজি গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত ২৪ টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্রস্তুতি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পর্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনলৈ অম্বুবাচীৰ বাবে ৪ কোটি ৫৫ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
Assamese | June 2, 2025 9:15 PM | Akashvani Guwahati | Akashvani News | ambubachi kamakhya | ambubashi mela | Guwahati
শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত