আজাৰা আৰক্ষীয়ে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ কার্গো টার্মিনেলৰ পৰা প্ৰায় ৭০০ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰাৰ লগতে ৪জন লোকক গ্ৰেপ্তাৰ কৰিছে।
ধৃত লোককেইজন ত্ৰিপুৰাৰ আবু বক্কৰ ছিদ্দিক ওৰফে ৰোমান, মেঘালয়ৰ পশ্চিম খাচী পাৰ্বত্য জিলাৰ ফাল বক্সটাৰ পাৰ্লং, আলভিনেষ্টাৰ চিয়েম আৰু ক্ৰাছ ডখাৰ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে বিমান বন্দৰত ১১১টাকৈ পাৰ্চেলৰ স্কেনিঙৰ সময়ত বন্দৰৰ কৰ্মচাৰীৰ সন্দেহ ওপজাত বিষয়টো আজাৰা আৰক্ষীক অৱগত কৰা হৈছিল। আৰক্ষীৰ তদন্তত এই মাদক দ্রব্য সৰবৰাহৰ ঘটনাৰ অন্তৰালত আন্তঃৰাষ্ট্ৰীয় সৰবৰাহী চক্র জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে।
আৰক্ষীয়ে জনোৱা মতে মাদক দ্রব্যখিনি মেঘালয়ৰ পশ্চিম খাচী পাৰ্বত্য জিলাৰ মাইৰং অঞ্চলৰ পৰা সংগ্ৰহ কৰি যোৰাবাট হৈ গুৱাহাটীলৈ অনা হৈছিল।