July 6, 2026 7:54 PM

views 4

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ কার্গো টার্মিনেলৰ পৰা প্ৰায় ৭০০ কিলোগ্রাম মাদক দ্রব্য জব্দৰ লগতে ৪জন লোকক গ্ৰেপ্তাৰ

আজাৰা আৰক্ষীয়ে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ কার্গো টার্মিনেলৰ পৰা প্ৰায় ৭০০ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰাৰ লগতে ৪জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন ত্ৰিপুৰাৰ আবু বক্কৰ ছিদ্দিক ওৰফে ৰোমান, মেঘালয়ৰ পশ্চিম খাচী পাৰ্বত্য জিলাৰ ফাল বক্সটাৰ পাৰ্লং, আলভিনেষ্টাৰ চিয়েম আৰু ক্ৰাছ ডখাৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে বিমান বন্দৰত ১১১টাকৈ পাৰ্চেলৰ স্কেনিঙৰ সময়ত বন্দৰৰ কৰ্মচাৰীৰ সন্দেহ ওপজাত বিষয়টো আজাৰা আৰক্ষীক অৱগত কৰা হৈছিল। আৰক্ষীৰ তদন্তত এই মাদক দ্রব...

December 6, 2025 8:37 PM

views 45

ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান সেৱাত খেলিমেলিৰ বাবে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যাত্ৰীসকল আজিও চৰম অসুবিধাৰ সন্মুখীন

ইণ্ডিগ' এয়াৰলাইনছৰ বিমান সেৱাত হোৱা খেলিমেলিৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো যাত্ৰীসকলে আজিও চৰম অসুবিধাৰ সন্মুখীন হয়। বিমানৰ উৰণ আৰু অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে বিমান বন্দৰতে ঘণ্টা ঘণ্টা জুৰি সময় অতিবাহিত কৰিবলগা হৈছে। এনে খেলিমেলিৰ বাবে ৰাজ্যৰ ৮গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত অংশগ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হয়। অহা ৮ ডিচেম্বৰৰ পৰা গুজৰাটত হ'বলগীয়া চতুর্থ মিনি নেচনেল বেডমিণ্টন প্রতিযোগিতাত অংশ ল'বলৈ নাহৰ...

December 4, 2025 8:57 PM

views 49

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানৰ উৰণ আৰু অৱতৰণত খেলিমেলি

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আজি বিমানৰ উৰণ আৰু অৱতৰণত খেলিমেলি হোৱা বাবে বিমান যাত্ৰীসকলৰ মাজত অসুবিধাৰ সৃষ্টি হয়। বিশেষকৈ ইণ্ডিগ বিমানৰ যাত্ৰীসকলে বহু সময় ধৰি বিমান বন্দৰত অপেক্ষা কৰিবলগীয়া হয়। ইতিমধ্যে গুৱাহাটীৰ পৰা উৰা মাৰিবলগীয়া আৰু গুৱাহাটীত অৱতৰণ কৰিবলগীয়া ইণ্ডিগ'ৰ সকলো বিমান বাতিল কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। অৱশ্যে কি কাৰণত ইণ্ডিগ' বিমানৰ উৰণ আৰু অৱতৰণ বাতিল কৰা হৈছে, সেই সন্দৰ্ভত বিমান কর্তৃপক্ষই কোনো তথ্য প্ৰকাশ কৰা নাই।