তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বিৰুদ্ধে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰ ৰুজু কৰিছে। তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত দাসৰ বিৰুদ্ধে ২২/২০২৬ নম্বৰত গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে ৪৫ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দাসৰ বাসগৃহৰ পৰা তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে ডেৰ কোটি টকাৰো অধিক নগদ ধন, বুজন পৰিমাণৰ সোণৰ অলংকাৰকে ধৰি ভালেমান সামগ্ৰী লাভ কৰিছে। ইয়াৰ পাছতে সঞ্চালকালয়ে উৎকোচ লোৱা গোচৰটোৰ উপৰি আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰো ৰুজু কৰে।
Assamese | June 6, 2026 5:59 PM | Lachit kr das
লাচিত কুমাৰ দাসৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ৰ গোচৰ ৰুজু