যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই শেহতীয়াকৈ নিশাৰ ভাগত আৰক্ষী থানা তথা চকীসমূহ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে। জৰুৰীকালিন অৱস্থাত আৰক্ষী বিভাগৰ সহাৰি তথা বিভাগটোৰ কাম-কাজৰ বুজ লবলৈ শ্রীমিশ্ৰই এই পদক্ষেপ হাতত লৈছে। তদুপৰি নিয়মীয়া তালাচী অভিযান, সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত আইন শৃংখলা পৰিস্থিতি অটুত ৰখাৰ বাবে সকলো ব্যৱস্থা সূচাৰুৰূপে অব্যাহত ৰখা হৈছে। উল্লেখযোগ্য যে গোলাঘাট জিলাই দুখনকৈ বহিঃৰাজ্যৰ সীমা স্পৰ্শ কৰি থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী বিভাগে সদায় সষ্টমভাৱে দায়িত্ব পালন কৰি থকা পৰিলক্ষিত হৈছে।
Assamese | July 6, 2025 8:59 PM | Assam Police
যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিশাৰ ভাগত আৰক্ষী থানা তথা চকীসমূহ পৰিদৰ্শন