ৰাজ্যৰ হস্ততাঁত, বস্ত্র, দক্ষতা নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত কালি যোৰহাটৰ চি কে বি বাণিজ্য মহাবিদ্যালয় প্রেক্ষাগৃহত দক্ষতা সজাগতা আৰু কেৰিয়াৰ অৰিয়েণ্টেচন কাৰ্যসূচী অনুষ্ঠিত হয়।
এই কার্যসূচীত চি এম ফ্লাইট, উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত দক্ষতা বিকাশ আৰু কেৰিয়াৰৰ সুযোগ অন্বেষণ সন্দৰ্ভত আলোচনা কৰা হয়।
মন্ত্ৰীগৰাকীয়ে তিতাবৰৰ ৰেচম প্রশিক্ষণ প্রতিষ্ঠান পৰিদৰ্শন কৰি প্ৰশিক্ষণৰ অগ্ৰগতিৰ বুজ লয় আৰু শিক্ষার্থীসকলৰ সৈতে মত-বিনিময় কৰে। প্রশিক্ষার্থীসকলক উদ্দেশ্যি দিয়া ভাষণত শ্রীদৈমাৰীয়ে কাৰিকৰী দক্ষতাৰে নিজক স্বাৱলম্বী কৰি তুলিবলৈ তেওঁলোকক আহ্বান জনায়।
এই পৰিদৰ্শন কালত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ প্রতাপ কছাৰী, তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।