দেশৰ যুৱ প্ৰতিভাক এখন মঞ্চ দিয়াৰ লগতে ক্রীড়া ক্ষেত্ৰক শক্তিশালী কৰাৰ উদ্দেশ্যৰে যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰ্যালয়ে ইন্টার্নশ্বিপ নীতি আৰম্ভ কৰিছে। মন্ত্ৰ্যালয়ে কয়, যে এই পদক্ষেপে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ইণ্টাৰ্নশ্বিপৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকে ক্ৰীড়াৰ বিভিন্ন দিশৰ সৈতে প্ৰত্যভভাৱে জড়িত হ’ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মান্দাভিয়াই কয়, যে এই পদক্ষেপে যুৱ প্ৰতিভাক ক্রীড়াৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ বিশেষভাৱে সহায় কৰিব। এই নীতিৰ অধীনত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ বিভিন্ন সংস্থাসমূহত প্ৰতি বছৰে ৪৫২টা ইণ্টাৰ্নশ্বিপ প্ৰদান কৰা হ’ব।
Assamese | December 24, 2025 10:28 AM
যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰ্যালয়ৰ ইন্টার্নশ্বিপ নীতি আৰম্ভ