মৰিগাঁও জিলাৰ চাৰণ বিলত আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি আজি পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। চাৰণ বিল কেন’য়িং আৰু কায়াকিং জলক্রীড়া ক্ষেত্ৰত অনুষ্ঠিত প্রতিযোগিতাখন মন্ত্রী নন্দিতা গালোচাই উদ্বোধন কৰে। অনুষ্ঠানত ক্রীড়া বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শর্মা উপস্থিত থাকে। দুটা শাখাত অনুষ্ঠিত নাওখেল প্রতিযোগিতাত মুঠ ১২টা দলে অংশগ্ৰহণ কৰে।
Assamese | August 31, 2024 8:30 PM | Local news | Morigaon | SPORTS
মৰিগাঁৱৰ চাৰণ বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত